- Home
- Guide
- Advice Class 10
দশম শ্ৰেণীৰ পিছত অধ্যয়নৰ বাবে নিৰ্দেশনা
এগৰাকী শিক্ষাৰ্থী হিচাপে তুমি দশম শ্ৰেণীত তোমাৰ জীৱনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ
সন্ধিক্ষণত উপস্থিত হৈছা। এইটো সেই গুৰুত্বপূৰ্ণ সময় য'ত তুমি জীৱনৰ আটাইতকৈ
গুৰুত্বপূৰ্ণ সিদ্ধান্তটো গ্ৰহণ কৰিব লাগিব- তুমি কোন শাখাত পঢ়িব বিছাৰিবা। প্ৰায়
অধিক ক্ষেত্ৰত তিনিটা মুকলি শাখা থাকে- বিজ্ঞান, বানিজ্য আৰু সাহিত্য। তোমাৰ
আগন্তুক বৃহৎ খোজটো তোমাৰ স্ব-বিশ্লেষণৰ দ্বাৰা আৰম্ভ হ'ব। তোমাৰ গুণসমূহ, আগ্ৰহ
আৰু কোনবোৰ বিষয় পঢ়িব ভাল পাবা সেইয়া বিশ্লেষণ কৰা।
বিষয়সমূহৰ প্ৰতি আগ্ৰহ
যদি তোমাৰ বিশ্লেষণ কৰিব পৰা মন এটা আছে, সংখ্যাসমূহৰ প্ৰতি আকৰ্ষণ আছে আৰু
অতি সহজে হিচাপ কৰি উলিয়ায় পাৰা তেনেহ'লে তুমি বিজ্ঞান লোৱা উচিত। যদি তুমি বিপনন,
ব্যৱসায় আৰু অৰ্থনীতি ভাল পোৱা, তেনেহ'লে বাণিজ্য তোমাৰ বাবে গুৰুত্বপূৰ্ণ শাখা
হ'ব। আনহাতে যদি তুমি ঠাইসমূহৰ বিষয়ে পঢ়ি ভাল পোৱা, অতীত আৰু বৰ্তমান সমাজৰ বিষয়ে
অধ্যয়ন কৰি ভাল পোৱা আৰু ৰাজনীতি অধ্যয়নৰ প্ৰতি ৰাপ আছে, তেনেহ'লে সাহিত্য তোমাৰ
শ্ৰেষ্ঠ নিৰ্বাচন হ'ব।
আনৰ দ্বাৰা পৰিচালিত নহ'বা
অধিক শিক্ষাৰ্থীয়ে তেওঁলোকৰ বন্ধুৰ উপদেশ গ্ৰহণ কৰি একাদশ শ্ৰেণীত তেওঁলোকৰ
বৃত্তি নিৰ্বাচনত ভুল কৰে। এই সিদ্ধান্ত সঠিক নহয়। বন্ধু বা সহপাঠীৰদ্বাৰা প্ৰভাৱিত
নহ'বা। তোমাৰ নিজৰ সবল সিদ্ধান্তৰ জৰিয়তে নিজকে বিশ্লেষণ কৰি কি শাখাত পঢ়িব বিছাৰা
সেইটো ঠিক কৰা।
সকলো শাখা গৱেষণা কৰা
কোনবোৰ বিষয় তুমি উচ্চ শিক্ষাৰ বাবে পঢ়িবা সেই বিষয়ে তুমি অনিশ্চয়তাত থাকিব
পাৰা। এহাতে তুমি গণিতত চোকা হ'লেও ফৰ্মূলা বা পৰীক্ষা-নিৰীক্ষাসমূত তুমি দূৰ্বল
হ'ব পাৰা। একে সময়তে, তোমাৰ ব্যৱসায়ত দক্ষতা থাকিব পাৰে কিন্তু কৰ বা পলিচিসমূহ
বুজি নোপোৱা। সেয়ে উপলব্ধ সকলো শাখা আৰু সুবিধাসমূহৰ বিষয়ে বিস্তৃত অধ্যয়ন কৰা আৰু
সঠিক সিদ্ধান্ত গ্ৰহণ কৰা।
শিক্ষক আৰু বিশেষজ্ঞৰ লগত আলোচনা কৰা
তুমি নিজে সিদ্ধান্ত গ্ৰহণত অসুবিধা পাইছা, তেনে অৱস্থাত শিক্ষকসল, নিজৰ
অভিভাৱক নাইবা বিদ্যালয়ৰ শিক্ষা পৰামৰ্শদাতা নাইবা অন্যৰ পৰা উপদেশ লোৱাটো অত্যন্ত
প্ৰয়োজনীয়। অনলাইনযোগে স্ব-মূল্যায়নৰ পৰীক্ষাসমূহেও বৃত্তিৰ পথ নিৰ্ধাৰণত সহায়
কৰে।